BA 1st Semester Assamese Chapter 1 Question Answer 2025 | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম | BA 1st Semester Assamese Unit 1 Question Answer 2025 | ba 1st semester assamese question answer | ba 1st sem assamese major | ba 1st semester assamese book

BA 1st Semester Assamese Chapter 1 Question Answer 2025 | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম | BA 1st Semester Assamese Unit 1 Question Answer 2025 | ba 1st semester assamese question answer | ba 1st sem assamese major | ba 1st semester assamese book

গোট : ১
অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম

► অতি চমু প্রশ্নোত্তৰ :

১। অসমীয়া ভাষা নব্য ভাৰতীয় আর্যভাষাৰ কোনটো শ্ৰেণীবিভাগৰ অন্তৰ্গত?

উত্তৰ: পূৰ্বী শাখাৰ ভাষাসমূহৰ অন্তৰ্গত।

২। Their Language differs a little from that of mid-India’- উক্তিটো কাৰ?

উত্তৰঃ হিউৱেন চাঙ-এ তেওঁৰ ভ্ৰমণ গ্রন্থত কামৰূপৰ ভাষাৰ বিষয়ে এই মন্তব্য আগবঢ়াইছিল।

৩। ‘অসমীয়া ভাষা কামৰূপী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে”-মন্তব্যটো কাৰ?

উত্তৰঃ বেণী মাধৱ বৰুৱা, ডিম্বেশ্বৰ নেওগ।

৪। অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পর্কে প্রথম কোনে আলোচনা আগবঢ়াইছিল?

উত্তৰ: পণ্ডিত হেমচন্দ্র গোস্বামীয়ে।

৫। বৌদ্ধ যুগৰ সাহিত্যিক নিদর্শনসমূহ কি কি?

উত্তৰঃ বৌদ্ধ যুগৰ নিদর্শন হ’ল- চর্যাপদ, মন্ত্র সাহিত্য আৰু ডাকৰ বচন আদি।

৬। শ্রীকৃষ্ণ-কীৰ্ত্তন আৰু শূন্যপুৰাণ কোন শ্ৰেণীৰ গ্ৰন্থ?

উত্তৰ: শ্রীকৃষ্ণ-কীৰ্ত্তন আৰু শূন্যপুৰাণ মিশ্র-অসমীয়া বা অসমীয়া বাংলা উমৈহতীয়া শ্ৰেণীৰ গ্ৰন্থ।

৭। ‘শ্রীকৃষ্ণ কীর্ত্তন’ পুথিৰ উদ্ধাৰকৰ্তা আৰু প্ৰথম সম্পাদক গৰাকী কোন?

উত্তৰ: বসন্তৰঞ্জন ৰায় বিদ্বৎবল্ল।

৮। কাৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে?

উত্তৰ: বৈকুন্ঠনাথ ভাগৱত ভট্টাচার্য বা ভট্টদেৱৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে।

৯। মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলিলে কি বুজা?

উত্তৰ : যিবোৰ কাব্যত সৰ্পৰ অধিষ্ঠাত্রী দেবী মনসাৰ মাহাত্ম্য প্রকাশ পাইছে সেই শ্রেণী অসমীয়া সাহিত্যক মনসা সাহিত্য বা পাঁচালী সাহিত্য বুলি কোৱা হয়।

১০। চৰিত সাহিত্যত কাৰ জীৱনৰ কথা বর্ণনা কৰা হৈছে- আহোম ৰজাৰ / দৰঙী ৰজাৰ / বৈষ্ণৱ ধৰ্মৰ গুৰুসকলৰ / বৈষ্ণবযুগৰ কবিসকলৰ।

উত্তৰ: বৈষ্ণৱ ধৰ্মৰ গুৰুসকলৰ।

১১। উত্তৰ শংকৰী বা শংকৰদেৱৰ পাছৰ কেইজনমান সাহিত্যিকৰ নাম উল্লেখ কৰা।

উত্তৰ: শংকৰদেৱৰ পাছৰ সাহিত্যিকসকল- ভট্টদের, গোপাল আতা, ৰামচৰণ ঠাকুৰ, গোপাল মিশ্র, ভাগবত আচার্য, গোবিন্দ মিশ্র আদি।

১২। প্রথম অসমীয়া চৰিত কোনখন আৰু কোনে ৰচনা কৰিছিল?

উত্তৰঃ শংকৰচৰিত। এইখন ৰামচৰণ ঠাকুৰে ৰচনা কৰিছিল।

১৩। বুৰঞ্জী সাহিত্য কাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল?

উত্তৰ: আহোমসকলৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল।

► চমু প্রশ্নোত্তৰ :

১। ভাষা বুলিলে কি বুজা?

উত্তৰঃ ভাষা হৈছে মানুহৰ ভাব প্রকাশৰ মাধ্যম। ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন ব্যক্তিয়ে কোনো বার্তা আন এজন ব্যক্তিলৈ প্রেৰণ কৰে আৰু দ্বিতীয়জন ব্যক্তিয়ে তাক গ্রহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে। ভাষা ক’ব পৰা শক্তি অকল মানুহৰহে আছে। মানুহৰ চিন্তা-ভাবনাবোৰক প্ৰকাশ কৰিবলৈ মানুহে বাগ্যন্ত্ৰৰ সহায়ত কিছুমান ধ্বনিৰ উচ্চাৰণ কৰে, এনেদৰে উচ্চাৰিত হোৱা ধ্বনি প্রতীকৰ প্ৰণালীবদ্ধ সমষ্টিয়ে যেতিয়া স্বয়ংসম্পূর্ণ অর্থ প্রকাশ কৰে, তেতিয়াই ভাষাৰ সৃষ্টি হয়।

২। অসমীয়া ভাষা নব্য ভাৰতীয় আর্যভাষাৰ কোনটো শাখাৰ অন্তৰ্গত আৰু এই শাখাৰ অন্তর্গত আন কেইটামান ভাষাৰ নাম উল্লেখ কৰা।

উত্তৰ: পূৰ্বী শাখাৰ ভাষাসমূহৰ অন্তৰ্গত। পূর্বী শাখাৰ ভাষাসমূহৰ ভিতৰত অসমীয়া, বঙালী, উড়িয়া, মৈথিলী, মগহী আৰু ভোজপুৰী উল্লেখযোগ্য। অসমীয়া ভাষা অসমত, বাংলা ভাষা পশ্চিমবংগ আৰু বাংলাদেশত, উড়িয়া ভাষা উড়িয়াত, মৈথিলী ভাষা মগধ অঞ্চলত আৰু ভোজপুৰী ভাষা কাশী, পাশ্ববর্তী এলেকাৰ উপৰি বিহাৰৰ মোতিহাৰী, চাপৰা, কলিয়া, মির্জাপুৰ, আজমগঞ্জ, গোৰক্ষপুৰ আদি অঞ্চলত প্রচলিত।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

৩। চর্যাপদত অসমীয়া ভাষাৰ কি কি নিদর্শন পোৱা যায়?

উত্তৰঃ চর্যাপদত অসমীয়া ভাষাৰ নিদৰ্শন থকা কেইটিমান দিশ হ’ল- (১) ‘ঋ’ৰ ঠাইত ‘অ’ আৰু ‘উ’ৰ ব্যৱহাৰ, যেনে-ঋজু উজু (২) বিশেষণ দুবাৰ প্ৰয়োগ কৰি বহুবচন সৃষ্টি, যেনে- উচা উচা পাবত। (৩) স্ত্রীলিংগৰ ক্ষেত্ৰত স্ত্রীপ্রত্যয় ‘ঈ’ আৰু ‘নী’ৰ প্ৰয়োগ, যেনে- বাপুড়ী, মালী আদি। ইয়াৰ উপৰি কিছুমান অতি ঘৰুৱা অসমীয়া শব্দও চর্যাপদত ব্যৱহৃত হৈছে। যেনে- আজি, কুঠাৰ, ঘৰণী, দাপন, ঘৰ, বহল আদি।

৪। চৰিত-সাহিত্য কি?

উত্তৰ: অসমত চৰিত্ৰ সাহিত্যৰ সৃষ্টি হয় বৈষ্ণৱোত্তৰ যুগত। মহাপুৰুষ শংকৰদেৱৰ তিৰোভাৱৰ পিছত মাধৱদেৱে বৈষ্ণৱ ভক্তসকলৰ আগত দৈনন্দিন প্রসঙ্গৰ পিছত গুৰুজনাৰ বিষয়ে গুণানুকীর্তন কৰিছিল। পিছত ক্রমে মাধৱদেৱ আৰু দামোদৰদেৱৰ তিৰোভাৱৰ পিছত বৈষ্ণৱ সন্ত-মহন্তসকলে গুৰুসকলৰ বিষয়ে গুণানুকীৰ্ত্তন কৰাটো নিত্য-নৈমিত্তিক কৰ্মত পৰিণত হৈছিল। গুৰু দুজনাৰ তিৰোভাৱৰ পিছত গুণানুকীৰ্তনৰ এই প্রথাটোৱেই চৰিত তোলা প্রথারূপে বিবেচিত হৈছে। সেই অৰ্থত মাধৱদেৱেই প্রথম চৰিত তোলা প্ৰথাৰ শুভাৰম্ভ কৰোঁতা।

৫। বুৰঞ্জী-সাহিত্য বুলিলে কি বুজা?

উত্তৰঃ অসমীয়া সাহিত্যৰ ইতিহাসত বুৰঞ্জী-সাহিত্য আহোমসকলৰ নৱমত সংযোজন। আহোমসকল অসমলৈ অহাৰ আগতে কামৰূপৰ হিন্দু ৰজাসকলৰ বিৱৰণ লিখি বখাৰ নিয়ম আছিল যদিও বুৰঞ্জী-সাহিত্য ৰূপত নাছিল। আহোমসকল থাইলেণ্ডৰ পৰা পাটকাই পর্বত অতিক্রম কৰি অসমত প্ৰৱেশ কৰাৰ সময়তেই চুকাফাই মহন বাইলুভক যাত্রাপথত নির্দেশ দিছিল- ‘পিছে ৰাজাদেৱে বোলে যি মৰে, যাক পাওঁ, বাটত যি কথা হয়, পণ্ডিতে লিখি থ’ব।’ তেওঁলোকে আহোঁতে আনবিদ্যাৰ লগতে লেখন বিদ্যাও আনিছিল। বুৰঞ্জী লিখাৰ এয়াই গুৰি কথা। এই দিশৰ পৰা চাবলৈ গ’লে ত্রয়োদশ শতিকাৰ ৩য় দশকত আহোমসকল অসমত প্ৰৱেশ কৰাৰ পৰাই বুৰঞ্জী সাহিত্য লিখাৰ নিয়ম হৈছিল। অৱশ্যে ত্রয়োদশৰ পৰা ১৬শ শতিকাৰ মাজভাগলৈ টাই ভাষাত আহোম বুৰঞ্জী লিখা হৈছিল। ১৬ শতিকাৰ মাজভাগৰ পৰা অসমীয়া ভাষাই আহোম ৰাজদৰবাৰত স্থান পোৱাত অসমীয়া ভাষাত বুৰঞ্জী লিখা হৈছিল বুলি অনুমান হয়।

৬। শংকৰোত্তৰ যুগত ভট্টদেৱৰ গদ্যৰ বাহিৰে নতুন সাহিত্যিক ৰূপৰ সৃষ্টি হৈছিল। সেইবোৰ বৰ্ণনা কৰা।

উত্তৰ: শংকৰোত্তৰ যুগত ভট্টদেৱৰ গদ্য-সাহিত্যৰ বাহিৰে কেইটামান নতুন বিষয়বস্তুবে সাহিত্যৰ নতুন ৰূপৰ সৃষ্টি হৈছিল। সেইকেইটা হ’ল (ক) চৰিত সাহিত্য, (খ) আদি ৰসাত্মক সাহিত্য, (গ) শাক্ত সাহিত্য, (ঘ) বুৰঞ্জী সাহিত্য, (ঙ) ব্যৱহাৰিক সাহিত্য আৰু (চ) চুফীমূলক সাহিত্য।

৭। অসমীয়া সাহিত্যৰ বিকাশৰ ইতিহাসত ‘ডাকৰ বচন’ৰ তাৎপর্য বিচাৰ কৰা।

উত্তৰ: অসমীয়া নিৰক্ষৰ জনসাধাৰণৰ বাবে ‘ডাকৰ বচন’ প্রদৰ বাণীৰ দৰেই ব্যৱহাৰিক জ্ঞানৰ এখনি মৌখিক বিশ্বকোষ। তেওঁলোকে বেদ নামানিব পাৰে, কিন্তু ডাকৰ বচন তেওঁলোকৰ হাড়ে-হিমজুরে মিলি আছে। এই বাণীসমূহ জনগণৰ কাৰণে বিবেক বাণী স্বরূপ।

ডাক ইতিহাস প্রসিদ্ধ ব্যক্তি হয়নে নহয়, এই সম্পর্কত যথেষ্ট মতভেদ আছে। অধ্যাপক আশুতোষ ভট্টাচার্যই তেওঁৰ ‘বাংলাৰ লোকসাহিত্য’ শীর্ষক গ্রন্থত খনাৰ বচন, ডাকৰ বচনক ‘নৈসর্গিক চড়া’ৰ ভিতৰত ধৰিছে, আৰু লিখিছে, “ডাক কোনো ব্যক্তিৰ নাম নহয়, এক শ্ৰেণীৰ বৌদ্ধতান্ত্রিক সাধককে ‘ডাক’ বোলা হৈছিল।” ডাকার্ণবতো অনুৰূপ ইঙ্গিত পোৱা যায়।।

অসমীয়া ভাষাত প্রচলিত ডাক-প্রবচন বা ডাকৰ বচনবোৰ কেইটিমান ভাগত বিভক্ত যেনেঃ জন্ম প্রকৰণ, ধৰ্ম প্ৰকৰণ, ন্যায় প্ৰকৰণ, নীতি প্ৰকৰণ, ৰাজন্যাদি প্ৰকৰণ, বন্ধন প্রকৰণ, গৃহিণী লক্ষণ, পৰিত্যাগ কথন, বর্ষাদি বর্ণন, বৃষ লক্ষণ, হলবাহনক্রম, কৃষি লক্ষণ, জ্যোতিষ প্ৰকৰণ, যমঘণ্টকথন, যাত্রা-লক্ষণ, গৃহ লক্ষণ, দ্রব্যগুণ কথন, নাগ লক্ষণ, কুপুরুষ লক্ষণ, সুপুৰুষ লক্ষণ, নাৰী লক্ষণ, টোকন-নাল আদি, টোকনৰ গুণ, ওপৰঞ্চিঃ ডাকৰ জন্ম আৰু মবণ।

ডাক প্রবচনবোৰ পুৰণি হৈও নতুন। অতীতৰ প্রতিধ্বনিৰ লগতে বর্তমানৰো তেজস্বী কণ্ঠস্বৰ ডাক প্রবচনসমূহে বহন কৰি আহিছে। ডাকৰ বচনত কেইবা শতিকাৰো অভিজ্ঞতাৰ স্বাক্ষৰ সন্নিবিষ্ট হৈ আছে। জনপ্ৰিয়তাৰ কাৰণেই ডাকৰ বচনসমূহত অর্বাচীনতা আৰু প্রক্ষিপ্ততাৰ প্রয়োগ যথেষ্ট। ডাকৰ বচনত “জাতীয় মানসিকতা, জাতীয় ভাবধাৰা, জাতীয় আৱশ্যক অনাৱশ্যকবোৰ, জাতীয় সুখ-দুখৰ ধাৰণা এই সকলোবোৰ ডাকৰ বচনৰ যোগেদি ধৰা পৰিছে।”

ডাকৰ বচনৰ ভাষা মনোগ্ৰাহী আৰু ইয়াৰ প্রকাশিকা শক্তি অতি চমকপ্রদ। জনসাধাৰণৰ জীৱনৰ প্রয়োজনীয় প্ৰায়বোৰ জ্ঞান বা মানবীয় বৃত্তিৰ সৈতে জড়িত কথাই ডাকৰ বচনত ঠাই পাইছে। অসমৰ জাতীয় জীৱনৰ সৈতে ডাকৰ বচনৰ সম্পৰ্ক অতি নিবিড়। উত্তৰ-পূব ভাৰতৰ প্রায় সকলো ভাষাতেই ডাক পুৰুষৰ নামত প্রচলিত প্রবচনৰাজিৰ অনুৰূপ বচনৰ প্ৰচলন থকাৰ বাবে বচনসমূহৰ মাজত সার্বজনীন ঐক্য আৰু জনজীৱনৰ অভিজ্ঞতাৰ স্বাক্ষৰ বিদ্যমান। অসমীয়া জাতীয় জীৱনৰ বাবে প্রয়োজনীয় প্রায় সকলোবোৰ দিশৰ উল্লেখ ডাকৰ বচনত পোৱা যায়। সেইবাবে ‘ডাকৰ বচন’ক অসমীয়া জাতীয় অভিজ্ঞতাৰ স্তূপীকৃত ৰূপ আখ্যা দিব পাৰি, কিয়নো বহু যুগৰ সঞ্চিত অভিজ্ঞতা ইয়াৰ মাজেদি প্রকাশ পাইছে। সেয়ে ই নৈর্ব্যক্তিক আৰু বস্তুনিষ্ঠ।

► ৰচনাধৰ্মী প্রশ্নোত্তৰ:

১। অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ বিষয়ে আলোচনা কৰা।

উত্তৰ: অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পর্কে প্রথম আলোচনা আগবঢ়াইছিল পণ্ডিত হেমচন্দ্র গোস্বামীয়ে। গোস্বামীদেৱৰ আলোচনা ত্রুটিমুক্ত নহয় বুলি পাছৰ কালৰ কেইবাজনো অসমীয়া সাহিত্যৰ প্রণেতাই নিজৰ নিজৰ মত আগবঢ়াইছে। পণ্ডিতসকলৰ আলোচনাৰ সুবিধার্থে আগবঢ়োৱা মতামতসমূহ তলত উল্লেখ কৰাৰ দৰে চাব পাৰি –

হেমচন্দ্র গোস্বামীয়ে অসমীয়া সাহিত্যৰ যুগ বিভাগক ছটা প্রধান ভাগত ভাগ কৰিছেঃ

(১) গীতি যুগ (600 ৰ পৰা 800 খ্রীষ্টাব্দলৈ)

(২) মন্ত্র আৰু ভণিতা (800 ৰ পৰা 1200 খ্ৰীষ্টাব্দলৈ)

(৩) প্রাক্ বৈষ্ণৱ যুগ (1200 ৰ পৰা 1400 খ্ৰীষ্টাব্দলৈ)

(৪) বৈষ্ণৱ যুগ (1450 ৰ পৰা 1600 খ্ৰীষ্টাব্দলৈ)

(৫) বিস্তাৰ যুগ (1600ৰ1800 খ্রীষ্টাব্দলৈ) 

(৬) বর্তমান যুগ (1800 ৰ পৰা বৰ্তমানলৈ)।

শংকৰদেৱৰ জন্মৰ আগলৈ অৰ্থাৎ যিসমূহ সাহিত্যৰ প্ৰাচীন সংস্কৃত গ্ৰন্থৰ পৰা অনুবাদ কৰা হ’ল সেইসমূহক প্রাক্ বৈষ্ণৱ যুগত প্ৰতিষ্ঠা কৰিব বিচাৰে। তেওঁৰ মতে হেম সৰস্বতী মাধৱ কন্দলি, হৰিবৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী আদি এই যুগৰ কবি। মন্ত্ৰ সাহিত্যৰ পাছতে এই যুগত ভাষাৰ পূৰ্ণ বিকাশলৈ লক্ষ্য কৰা যায়। শংকৰ-মাধৱৰ উদ্দেশ্যধর্মী সাহিত্যসমূহ বিশেষকৈ নাট, বৰগীত, উপাখ্যান ইত্যাদি বৈষ্ণৱ যুগত নিৰূপণ কৰা হৈছে। গোস্বামীৰ মতে শংকৰোত্তৰ কালৰ গদ্য, বুৰঞ্জী, কথা ভাগবত, কথাগীতা, নাটক সমালোচনামূলক কাব্যগ্রন্থ, চৰিত সাহিত্য, জীৱনী সাহিত্য ইত্যাদিসমূহক পূর্ণ বিকাশলৈ লক্ষ্য ৰাখি সেই যুগটোক সমালোচকগৰাকীয়ে বিস্তাৰ যুগ বুলি অভিহিত কৰিছে।

খ্রীষ্টান মিছনাৰী তথা ইংৰাজসকল অসমত প্ৰৱেশ কৰাৰ পিছত অসমীয়া সাহিত্যত যি আধুনিকতাৰ প্ৰকাশ পালে সেইসমূহক আধুনিক সাহিত্য আৰু যুগটোক বর্তমান যুগ বুলি অভিহিত কৰিছে। বিশেষকৈ চুটি গল্প, উপন্যাস, ৰোমাণ্টিক যুগৰ পৰা সৃষ্টি হোৱা কবিতা-এইসমূহে বিভিন্ন স্তৰৰ মাজেদি আহি বৰ্তমানৰ অৱস্থাত উপনীত হোৱালৈ গোস্বামীদেৱে বর্তমান যুগ বুলি অভিহিত কৰিছে।

অসমীয়া সাহিত্যৰ যুগ বিভাগ সম্পর্কে গোস্বামীদেৱৰ এই মত ত্রুটিপূর্ণ বুলি আলোচনা কৰি দেৱানন্দ ভৰালীয়ে তিনিটা প্রধান ভাগত ভাগ কৰিছে –

(১) প্রাক্ বৈষ্ণৱ (1000 ৰ পৰা 1300 খ্ৰীষ্টাব্দলৈ)

(২) বৈষ্ণৱ (1300 ৰ পৰা 1600 খ্ৰীষ্টাব্দলৈ)

(৩) নতুন যুগ (1600 ৰ পৰা বৰ্তমানলৈ)।

কালিৰাম মেধিয়ে সাহিত্যৰ বুৰঞ্জীক তিনিটা ভাগত ভাগ কৰিছে –

(১) প্রাক্ বৈষ্ণৱ (পুৰণি কালৰ পৰা শংকৰদেৱৰ জন্মলৈকে)

(২) বৈষ্ণৱ যুগ (পঞ্চাদশ শতিকাৰ পৰা 1826 খ্রীষ্টাব্দলৈ)

(৩) উত্তৰ বৈষ্ণৱ বা আধুনিক (ইংৰাজ ৰাজত্বৰ আৰম্ভৰ পৰা বৰ্তমানলৈ)।

ডিম্বেশ্বৰ নেওগে পাঁচটা প্রধান ভাগত ভাগ কৰিছে-

(১) আদি যুগ (600 ৰ পৰা 1100 খ্রীষ্টাব্দলৈ)

(২) প্রাক্ বৈষ্ণৱ (1100 ৰ পৰা 1450)

(৩) বৈষ্ণৱ যুগ (1450 ৰ পৰা 1650)

(৪) উত্তৰ বৈষ্ণৱ (1650 ৰ পৰা 1826 খ্রীষ্টাব্দলৈ)

(৫) আধুনিক যুগ (1826ৰ পৰা 1947)।

উল্লেখযোগ্য যে যুদ্ধোত্তৰ বা স্বাধীনোত্তৰ কালৰ সাহিত্যসমূহক সাহিত্যৰ বুৰঞ্জীৰ অন্তর্ভুক্ত কৰা হৈছে।

অসমীয়া ভাষাৰ বিশিষ্ট গবেষক ড° বাণীকান্ত কাকতিয়ে তেওঁৰ গৱেষণা গ্রন্থত প্রধানতঃ তিনিটা ভাগ দেখুৱাইছে-

(১) আদি যুগ (ত্রয়োদশৰ পৰা ষোল্লশ)

(২) মধ্য যুগ (সপ্তদশৰ পৰা ঊনবিংশ)

(৩) আধুনিক যুগ (ঊনবিংশৰ পৰা বৰ্তমানলৈ)

ড° কাকতিৰ যুগ বিভাগৰে চৰ্য্যাপদ, কৃষ্ণ কীর্তন আদি সামৰি লোৱা নহ’ল বাবে পাছৰ কালৰ ভাষাবিদসকলে কাকতিৰ তিনিটা যুগৰ ওপৰত আৰু এটি যুগ নিৰূপণ কৰিছে। সেয়া হ’ল উদ্ভৱকালীন যুগ। খ্রীষ্টিয় অষ্টম-নৱম শতিকাৰ পৰা এয়োদশ শতিকালৈ এই যুগত অন্তর্ভুক্ত কৰিব পাৰি।

২। অসমীয়া ভাষাৰ জন্ম আৰু ক্রমবিকাশ সম্পর্কে এটি আলোচনা যুগুত কৰা।

উত্তৰ: অসমীয়া ভাষাৰ জন্ম মাগধী প্রাকৃত অপভ্রংশৰ পৰা হোৱা বুলি বহুতো পণ্ডিতে মত আগবঢ়াইছে। বর্তমান এই মতকে সকলোৱে আদৰি লোৱা দেখা যায়। কিয়নো বাকী পণ্ডিতসকলে আগবঢ়োৱা মতসমূহৰ সপক্ষে সবল তথ্যসহ গ্রহণীয় যুক্তি আগবঢ়াব পৰা নাই। অসমীয়া ভাষাৰ ওপৰত আগবঢ়োৱা হিউৱেন চাঙৰ মন্তবায়ো অসমীয়া ভাষাৰ সুকীয়াত্বক বিশেষভাবে আঙুলিয়াই দিয়াৰ কথা দোহাৰিব পাৰি। হিউৱেন চাঙৰ উক্তিৰ আধাৰত ক’ব পাৰি যে সুদূৰ সপ্তম শতিকামানৰ পৰা প্ৰাচীন কামৰূপত অসমীয়া ভাষাৰ আৰম্ভ হৈছিল।

অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ দিশত কেইবাটাও স্তৰৰ কথা আলোচনা কৰিব পাৰি। এইক্ষেত্রত ভাষাবিদ পণ্ডিত ড’ উপেন্দ্রনাথ গোস্বামীৰ আলোচনাৰ প্রতি মনোযোগ আকর্ষণ কৰিব পাৰি। ড° গোস্বামীয়ে অসমীয়া ভাষাৰ সপ্তম শতিকাৰ পৰা দ্বাদশ শতিকাপর্যন্ত এই স্তৰক প্রত্ন-অসমীয়া ভাষাৰ স্তৰ বুলি চিহ্নিত কৰিছে। এইক্ষেত্ৰত তামৰ ফলিৰ যোগ পোরা। অসমীয়া ভাষাৰ নিদর্শনে সপ্তম শতিকাৰ সময়ত অসমত যে এটা সুকীয়া ভাষাই গঢ় লৈ উঠিছিল সেই কথাৰ প্ৰতি তেওঁ দৃষ্টি নিক্ষেপ কৰিছে। তামৰ ফলিৰ ভাষাৰ পাচত অসমীয়া ভাষাৰ নিদৰ্শন ক’ত পোৱা যায়, সেইটো জটিল প্রশ্ন বুলি অৱতাৰণা কৰি তেওঁ কিছুমান লোকগীত আৰু মন্ত্ৰৰ ভাষা আৰু তাৰ পাচতেই চর্যা-পদৰ ভাষালৈ আঙুলিয়াইছে। দৰাচলতে চর্যা-পদৰ ভাষাইহে প্রত্ন অসমীয়াৰ ৰূপতাত্ত্বিক বৈশিষ্ট্য বিভিন্ন ৰূপত সংৰক্ষিত কৰিছে। চর্যাপদৰ লগতে শ্রীকৃষ্ণ-কীৰ্তনৰ ভাষাকো প্রত্ন-অসমীয়া স্তৰৰ ভাষাৰ সাহিত্যিক নিদর্শন হিচাপে দেখুওৱা হৈছে।

প্রত্ন অসমীয়া ভাষাৰ স্তৰৰ পাচতেই তেৰ শতিকাৰ পৰা যোল্ল শতিকাৰ শেষলৈ পুৰণি অসমীয়া ভাষাৰ স্তৰ হিচাপে আলোচনা কৰিব পাৰি। দৰাচলতে চর্যা-পদৰ পাচত অসমীয়া ভাষাৰ বিস্তৃত নিদর্শন আছে পুৰণি অসমীয়া সাহিত্যত। প্রাক্ শংকৰী আৰু শংকৰী যুগৰ লেখকসকলৰ ভাষা এইক্ষেত্রত আলোচনা কৰিব পাৰি। সেইদৰে মনকৰ, দুর্গাবৰ, পীতাম্বৰ আদি পাঁচালী কবিসকলৰ ভাষাকো এই ভাষাৰ স্তৰতেই সামৰি ল’ব পাৰি।

পুৰণি অসমীয়া স্তৰৰ পাচতেই সোতৰ শতিকাৰ পৰা উনৈশ শতিকাৰ প্ৰাৰম্ভলৈকে মধ্যযুগীয় অসমীয়া ভাষাৰ স্তৰ হিচাপে দেখুৱাব পাৰি। এই স্তৰৰ ভাষাগত নিদর্শন হৈছে বুৰঞ্জীৰ ভাষা, ব্যৱহাৰক পুথিৰ ভাষা, চৰিত পুথিৰ বিশেষকৈ গুৰুচৰিত কথা পুথিৰ গদ্য আজিৰ ভাষা।

মধ্যযুগীয়া অসমীয়া ভাষাৰ স্তৰৰ পাচতেই আধুনিক অসমীয়া ভাষাৰ স্তৰৰ কথা আলোচনা কৰিব পাৰি। ড° উপেন্দ্র নাথ গোস্বামীয়ে আধুনিক অসমীয়া ভাষাৰ কালছোৱাৰ এই ভাষাৰ বিকাশৰ দৃষ্টিভংগীৰে আগবঢ়োৱা ভাগকেইটাকে এইক্ষেত্ৰত মন কৰিব পাৰি। এইক্ষেত্ৰত প্রথমতে আধুনিক অসমীয়া ভাষাৰ আৰম্ভণিকালৰ কথা উল্লেখ কৰিব লাগিব। আধুনিক অসমীয়া ভাষাৰ আৰম্ভণিকালক আকৌ দুটা ভাগত ভগাই চাব পাৰি বুলি লৈ তেওঁ (ক) ১৮৪৬-৭৩ চনলৈ অসমীয়া ভাষাৰ আত্মপ্ৰতিষ্ঠাৰ ৰণৰ কাল আৰু (খ) ১৮৭৩-৮৮ চনলৈ এই সময়ছোৱাক আধুনিক অসমীয়া ভাষাৰ সাহিত্যিক প্রতিষ্ঠাৰ কাল বুলি উল্লেখ কৰিছে। দৰাচলতে অসমীয়া ভাষাৰ ১৮৪৬ চনৰ পৰা ১৮৮০ চনলৈ এই গোটেইখিনি সময়ক অৰুণোদয় কাল বুলি অভিহিত কৰিব পাৰি। অৰুণোদয় কাকতৰ গদ্য আৰু পদ্যত ৰচনা কৰা বিভিন্নধৰণৰ ৰচনাৰাজি আৰু খ্ৰীষ্টান মিছনেৰীসকলে উলিওৱা পৃথিবোৰত অৰুণোদয় যুগৰ অসমীয়া ভাষাটোৰ নিদৰ্শন সংৰক্ষিত হৈছে। এইক্ষেত্ৰত মন কৰিবলগীয়া কথা এয়ে যে মিছনেৰীসকলে অসমীয়া ভাষাটোক উচ্চাৰণ অনুযায়ী লিখিবলৈ যত্ন কৰিছিল আৰু তাৰেই ফলস্বৰূপেই মান্য অসমীয়া ভাষাটোৰ ধ্বনিগত বৈশিষ্ট্যৰ ছবি এখন ‘অৰুণোদয়’ৰ বুকুত অংকিত হৈ পৰে।

অসমীয়া ভাষাৰ আধুনিক যুগৰ মধ্যকালৰ সময় ধৰা হৈছে ১৮৮৯ চনৰ পৰা ১৯৩৯ চনলৈকে। এই সময়ছোৱাত অসমীয়া ভাষাত কেইবাখনো আলোচনীৰ জন্ম আৰু বিলোপ ঘটে আৰু আলোচনীৰ যোগেদি অসমীয়া ভাষাটোৰ বিকাশ ঘটিবলৈ লয়। এই কেইবছৰৰ ভিতৰতে আধুনিক অসমীয়া ভাষাৰ ‘শৈলী’ প্রতিষ্ঠিত হয় আৰু নতুন নতুন ক্ষেত্রত কথা-সাহিত্যৰ প্ৰতিষ্ঠাৰ লগতে অসমীয়া ভাষাৰো প্রতিষ্ঠা গঢ়ি উঠে। ভ্রমণ সাহিত্য, প্রবন্ধ সাহিত্য, ঔপন্যাসিকা, নাটক, জীৱনী, বুৰঞ্জী, সংবাদসেৱা, ব্যংগ-ৰচনা আদি সাহিত্যৰ বিভিন্ন দিশত অসমীয়া ভাষাৰ ব্যৱহাৰ হ’বলৈ ধৰে। প্রকৃতভাবে ক’বলৈ গ’লে এই যুগত ‘জোনাকী’ আলোচনীয়ে অসমীয়া ভাষাৰ গঠনত এক বলিষ্ঠ ৰূপ প্রদান কৰে আৰু ইয়াৰ ফলস্বৰূপে অসমীয়া ভাষাৰ নির্ভুল আৰু সম্ভৱপৰ উচ্চতম আধুনিক মান নির্ণয়ৰ যত্নত সাহিত্যিক শৈলী সমৃদ্ধ হৈ উঠে।

অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ আধুনিক অসমীয়া ভাষাৰ দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী কালটোও (১৯৪০) মন কৰিবলগীয়া। যুদ্ধোত্তৰ যুগত অসমৰ ভৌতিক বৌদ্ধিক দিশত নানাধৰণৰ পৰিৱৰ্তন আহি পৰে আৰু সেই পৰিৱৰ্তনৰ ফলস্বৰূপে অসমীয়া ভাষাটোৱেও নতুন ৰূপত আত্মপ্রকাশ লাভ কৰে আৰু বিভিন্ন পৰিৱৰ্তন আৰু প্ৰগতি লাভ কৰি অসমীয়া ভাষাটো এতিয়ালৈ চলি আছে।

8 thoughts on “BA 1st Semester Assamese Chapter 1 Question Answer 2025 | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম | BA 1st Semester Assamese Unit 1 Question Answer 2025 | ba 1st semester assamese question answer | ba 1st sem assamese major | ba 1st semester assamese book”

Leave a comment