BA 1st Semester Assamese Chapter 3 Question Answer 2025 | গোট-৩: শংকৰদেৱকালীন সাহিত্য | পাঠ : ১ | নাৰায়ণ কাহে ভকতি কৰো তেৰা | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 3 Question Answer 2025 | ba 1st semester assamese question answer
গোট-৩ঃ শংকৰদেৱকালীন সাহিত্য
পাঠ : ১
নাৰায়ণ কাহে ভকতি কৰো তেৰা
► অতি চমু প্রশ্নোত্তৰ :
১। মহাপুৰুষ শ্ৰীশংকৰদেৱৰ কোন চনত জন্ম হৈছিল?
উত্তৰ: মহাপুৰুষ শ্রীশংকৰদেৱৰ ১৪৪৯ চনত জন্ম হৈছিল।
২। মহাপুৰুষ শংকৰদেৱে কোন স্থানত ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে কোচবিহাৰৰ ভেলা মধুপুৰত ইহলীলা সম্বৰণ কৰে।
৩। মহাপুৰুষ শংকৰদেৱৰ সাহিত্য প্রতিভাৰ উজ্জ্বল নিদর্শন স্বৰূপ গ্ৰন্থখনৰ নাম কি?
উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্য প্রতিভাৰ উজ্জ্বল নিদর্শন স্বরূপ গ্ৰন্থখনৰ নাম ‘কীৰ্ত্তন ঘোষা’।
৪। শংকৰদেৱে কেইখন কাব্য ৰচনা কৰিছিল?
উত্তৰ: শংকৰদেৱে ছখন কাব্য ৰচনা কৰিছিল।
৫। বৰগীত কি?
উত্তৰ: উচ্চ আধ্যাত্মিক ভাৱ সম্পন্ন, নির্দিষ্ট ৰাগ-তালৰ সুসমন্বয়ত গাব পৰা, চৈধা প্ৰসংগৰ উপযোগীকে ব্ৰজাৱলী ভাষাত ৰচনা কৰা অসমৰ আধ্যাত্মিক তথা সাংস্কৃতিক জগতর বন্দিত গুৰু দুজনাই ৰচনা কৰা গীতসমূহক বৰগীত বোলা হয়।
৬। বৰগীতৰ বিষয়বস্তু কেই শ্রেণীত ভাগ কৰিব পাৰি? এই ভাগবোৰ কি কি?
উত্তৰঃ বৰগীতৰ বিষয়বস্তুক চাৰি শ্ৰেণীত ভাগ কৰিব পাৰি। এই ভাগবোৰ হৈছে-জাগন, চলন, খেলন আৰু নৃত্য।
৭। বৰগীতৰ প্ৰধান বিশেষত্ববোৰ কি কি?
উত্তৰ : প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগ-তালৰ প্ৰয়োগ আধ্যাত্মিক ভাৱৰ প্রাধান্য আৰু অনুভূতিৰ গাঢ়তাই বৰগীতৰ প্ৰধান বিশেষত্ব।
৮। বৰগীতসমূহ কি ভাষাত ৰচিত?
উত্তৰ : বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।
৯। বৰগীত ৰচনাৰ প্ৰধান উদ্দেশ্য কি?
উত্তৰ: অসমত একশৰণ নামধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে মহাপুৰুষ শঙ্কৰদেৱ আৰু মাধরদেবে ওখ আধ্যাত্মিক ভাৱৰ বিবিধ ৰাগ-বাগিনীযুক্ত চৈধ্য প্ৰসংগৰ উপযোগী বৰগীত ৰচনা কৰিছিল। ভক্ত সমাজৰ মাজত শ্ৰীকৃষ্ণৰ পূৰ্ণ ছবি দাঙি ধৰা শঙ্কৰদেৱে ৰচনা কৰা বৰগীতৰ অন্তৰালৰ উদ্দেশ্য।
১০ । ভক্তি আন্দোলনৰ প্ৰধান বিশেষত্ব কি?
উত্তৰঃ ভক্তি আন্দোলন প্রধানতঃ অনুভূতিপ্রধান, ই অন্তৰৰ আৱেগ উচ্ছাসক প্রাণবন্ত কৰি তোলে।
১১। বৰগীতটোত ‘নাৰায়ণ’ বুলি কাক বুজাইছে?
উত্তৰ: শঙ্খ-চক্র-গদা পদ্মধাৰী শ্যাম কলেৱৰ পীতবস্ত্ৰধাৰী বনমালী অর্থাৎ ভগৱান বিষ্ণুক বুজাইছে।
► চমু প্রশ্নোত্তৰ :
১। শঙ্কৰদেৱ-মাধৱদেৱ বিৰচিত গীতসমূহক ‘বৰগীত’ বুলি কিয় কোৱা হয়।
উত্তৰ: শঙ্কৰদেৱ-মাধৱদেৱ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক। তেওঁলোক উভয়ে ধর্মগুৰু তথা সাহিত্যগুৰু। উভয়ে ৰচনা কৰা গীতক শ্রেষ্ঠত্ব মহত্বৰ মৰ্যাদাৰে প্ৰতিষ্ঠিত কৰাৰ বাবে ‘বৰ’ অর্থাৎ ডাঙৰ বা শ্রেষ্ঠ গীত হিচাপে আখ্যা দিয়া হয়। উল্লেখযোগ্য যে উভয় গুৰুৱের ‘বৰগীত’ নামকৰণ কৰা নাছিল। তেওঁলোকে কেরল ‘গীত’ হে বুলি কৈছিল। পৰৱৰ্তী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলে গুৰুৰ গীতক মর্যাদাৰে প্ৰতিষ্ঠিত কৰাৰ বাবে শঙ্কৰ-মাধৱে ৰচনা কৰা গীতক ‘বৰগীত’ বুলি উচ্চ আসনত অধিষ্ঠিত কৰায়।
২। ‘বৰগীত’ৰ বিষয়বস্তুক কেই শ্রেণীত ভাগ কৰিব পাৰি? এই ভাগবোৰ কি কি?
উত্তৰঃ বিষয়বস্তু অনুসৰি বৰগীতক ছয়টা শ্ৰেণীত ভাগ কৰিব পাৰি। সেই কেইটা হ’ল-
(ক) পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা বিষয়ক।
(খ) যশোদা আৰু গোপ-গোপীৰ কৃষ্ণ বিদায়ৰ বিৰহ দুখ বিষয়ক।
(গ) পৰমাৰ্থ বিষয়ক।
(ঘ) সংসাৰৰ প্ৰতি বিৰক্তি বিষয়ক।
(ঙ) শ্রীকৃষ্ণৰ চৌৰ্যক্রিয়া বিষয়ক আৰু
(চ) শ্রীকৃষ্ণৰ চাতুৰি বিষয়ক।
লীলা বিষয়ক বৰগীতৰ আকৌ চাৰিটা উপভাগ আছে। সেয়া হ’ল- জাগন বা জাগৰণ, চলন, খেলন আৰু নৃত্য বিষয়ক বৰগীত।
৩। শংকৰদেৱৰ ‘নাৰায়ণ কাহে ভকতি কৰো তেৰা’ বৰগীতটোৰ ভাবানুবাদ লিখা।
উত্তৰঃ হে নাৰায়ণ; মই কেনৈকৈ তোমাৰ ভক্তি কৰিম? হে মাধৱ, মোৰ দুষ্ট মনটো বাৰে বাৰে হিংস্ৰৰূপী পাপকাৰ্যত লিপ্ত হৈ পৰে। কীট-পতঙ্গ আদি যিমানবিলাক জঙ্গম প্রাণী আৰু পর্বত প্রভৃতি গতিহীন বস্তু, এই সকলো তোমাৰেই কায়া; কিন্তু মই এই পেটটো ভৰাবলৈকে সকলোকে মাৰোঁ; প্রাণীৰ প্রতি দয়া নেদেখুৱাওঁ। যিদৰে আকাশ সকলো বস্তুতে ব্যপ্ত হৈ আছে, সেইদৰে সকলো জীৱৰ শৰীৰতে ঈশ্বৰ বা আত্মাৰূপে তুমি স্থিত হৈ আছা। গতিকে এই জীৱবিলাকক নিতৌ কৰা নিন্দা, শঠতা আৰু হিংসা প্রকৃতপক্ষে তোমাকহে কৰা হৈছে। সেইকাৰণে শংকৰে এই প্ৰাৰ্থনা কৰিছে- হে নাথ, তুমি কৃপা কৰাঁ, যাতে মই ৰামনাম নেৰোঁ। তেমাৰ নাম সকলো অপৰাধৰ বিনাশকাৰী। এই কথা জানি মই তোমাৰ নামত শৰণ লৈছোঁ।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। বৰগীত কাক বোলে? ‘বৰগীতৰ বৈশিষ্ট্য’ শীর্ষক এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ধর্ম প্রচাৰৰ উদ্দেশ্যে, চৈধ্যপ্রসংগত গাব পৰাকৈ ভগৱান শ্রীকৃষ্ণ বা শ্ৰীৰামৰ লীলা-মাহাত্ম্য প্রকাশ কৰি লিখা ভক্তি গীতখিনিক, বিষয়স্তুৰ মহত্ত্ব, ৰচনাভংগীৰ সৌষ্ঠর, শাস্ত্রীয় সুৰৰ গাম্ভীর্য, কল্পনাৰ সংযম, ব্রজাবলী ভাষাত লিখা ৰাগ-বাগিণীযুক্ত গীতখিনিক বৰগীত বোলে।
বৰগীতৰ বৈশিষ্ট্যসমূহঃ
(ক) বৰগীতৰ ভাষা
(খ) বিষয়বস্তুৰ সংৰক্ষণশীলতা
(গ) বৰগীতৰ সুৰ
(ঘ) চৈধ্য প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান
(ঙ) বৰগীতৰ সীমাবদ্ধ পবিত্ৰতা আৰু ব
(চ) ভক্তিৰ গাঢ়তা।
প্রাচীন কালৰে পৰা অসমত প্রচলিত হৈ থকা মৌখিক গীত-পদ তথা অন্যান্য ৰাগ তালযুক্ত গীতবোৰৰ তুলনাত উপযুক্ত বৈশিষ্ট্যসমূহে বৰগীতবোৰক এক সুকীয়া মর্যাদা দিছে। সেয়ে বৰগীত বুলিলে শংকৰদেৱ মাধৱদেৱৰ দ্বাৰা সৃষ্ট শাস্ত্রীয় ৰাগ-তাল যুক্ত, চৈধ্য প্রসংগত গাব পৰা, বিষয়বস্তুৰ সংযম বিশিষ্ট, ব্ৰজাৱলী ভাষাত ৰচিত গীতখিনিকহে বুজায়। তলত এই বৈশিষ্ট্যসমূহ চমু বিশ্লেষণ আগবঢ়োৱা হ’ল-
(ক) বৰগীতৰ ভাষা: বৰগীতৰ প্ৰথম আৰু প্রধান বিশেষত্ব হ’ল ভাষা। শংকৰদেৱৰ জীৱনকালত অসম, বংগ আৰু উড়িষ্যাত বিশেষকৈ শ্রীকৃষ্ণক কেন্দ্ৰ কৰি মথুৰা-বৃন্দাবন আদি ঠাইত গীত-মাতৰ মাজেৰে এটি কৃত্রিম ভাষা সৃষ্টি হৈছিল। শংকৰদেৱে দুৱাৰকৈ কৰা তীৰ্থ-ভ্রমণ কালত নানা ঠাই পৰিভ্ৰমণ কৰোঁতে এই ভাষাটোৰ লগত পৰিচয় ঘটে। পূৱ ভাৰতৰ ৰাজ্যসমূহত এই ভাষাটোক ‘ব্রজবুলি’ আখ্যা দিয়া হৈছে। অসমতহে পোনতে ইয়াক ‘ব্রজাবলী’ বোলা হৈছে। ই কোনো এক বিশেষ অঞ্চলৰ কথিত ভাষা নহয়। সমগ্ৰ ভাৰতবৰ্ষত যেতিয়া ভক্তি আন্দোলনৰ ঢৌৱে বিধৌত কৰিছিল তেতিয়া ভাৰতৰ আন আন ঠাইত ‘ব্রজবুলি’ ভাষাত বহুতো সাহিত্য ৰচনা হোৱাৰ দৰে অসমতো শংকৰ-মাধৱৰ প্ৰচেষ্টাত এই কৃত্রিম ভাষাটোত প্রথমে ‘বৰগীত’ আৰু পাছত অংকীয়া নাট ৰচিত হ’বলৈ ধৰে। সেই সময়ত উপযুক্ত সাহিত্য সৃষ্টি কৰিব পৰা একোটা নিজস্ব প্রান্তীয় ভাষা থকা স্বত্বেও বৈষ্ণব কবিসকলে বিশেষকৈ শংকৰদেৱ আৰু মাধৱদেৱে ভাষাৰ এনে এটা সুকীয়া ৰূপ গ্ৰহণ কৰা বাবেই হয়তো বৰগীতবোৰক সেই সময়ত প্রচলিত আন লৌকক গীতৰ পৰা পৃথক কৰি বিশেষ স্থান দিয়া হৈছে।
(খ) বিষয়বস্তুৰ সংৰক্ষণশীলতা: বিষয়বস্তুৰ সীমাবদ্ধতা আৰু সংযমে বৰগীতক অন্য এক বিশেষত্ব প্রদান কৰিছে। আধ্যাত্মিক চিন্তাৰ সু-প্রকাশ, বেদান্তৰ তত্ত্ব প্রকাশ, ভগৱান শ্রীকৃষ্ণৰ বাল্যকালৰ ৰূপ তথা বিশ্ববিমোহন ৰূপৰ বৰ্ণনাই বৰগীতসমূহত মূৰ্ত হৈ উঠিছে। এই ভাৱৰ বর্ণনাত ক’তোৱেই ৰাধা-কৃষ্ণৰ প্ৰেমৰ বৰ্ণনা বা শৃঙ্গাৰ আদি ৰসযুক্ত বর্ণনা নাই। শ্রীকৃষ্ণৰ ৰাসলীলাত ৰাসক্রীড়াৰ বৰ্ণনা আছে যদিও সি শৃঙ্গাৰ সৰ্বস্ব নহয়। তাত আধ্যাত্মিক চিন্তাৰ জৰিয়তে শ্রীকৃষ্ণৰ অৱতাৰী লীলাৰ বৰ্ণনা কৰা হৈছে। বৰগীতৰ বিষয়বস্তু সম্পর্কে সাহিত্য আলোচক মহেশ্বৰ নেওগে কৈছে ‘হৰমোহন’, ‘প্রেমকলহ’, ‘বাসযাত্রা’ বা ‘কেলিগোপাল’ৰ কাহিনী বৰগীতত নাই। বৰগীতত আছে ‘বেদান্তৰ মৰ্ম’ সহজ-সৰল ভাষাত, তাত বাজি আছে আধ্যাত্মিক চিন্তা ঐকান্তিক ব্যক্তিৰ গদ গদ সুৰত আৰু আছে বিশ্বস্তৰ ‘ভগবান স্বয়ং’ শ্রীকৃষ্ণৰ বিশ্ববিমোহন বাল্যৰূপৰ বিৱৰণ জকমকীয়া শব্দৰ আধাৰত।’
(গ) বৰগীতৰ সুৰঃ বৰগীতৰ সুৰৰ ভাব ঘনত্বই হৈছে ইয়াৰৰ এক অনন্য বৈশিষ্ট্য। বাগ-তাল-ছন্দ-লয় আৰু ভক্তিৰ আবেগপ্রোথিত সুৰ সঞ্চালনে আৰু বিভিন্ন ৰসৰ সমাহাৰেৰে প্রসঙ্গোপযোগী বৰগীতৰ সুৰে ভক্তক ভগৱানৰ শ্ৰীচৰণলৈ টানি আনি ভগৱানৰ লীলাৰ আনন্দময় জগত এখনত বিলীন কৰি দিয়ে। চৰিত পুথিত পোৱা যায় যে শংকৰদেৱৰ ৰাগত পাতিসোন্দা গছৰ পাত সৰি তাত নতুনকৈ পাত আহিছিল। জুয়ে পুৰাৰ পৰা ৰক্ষা পোৱা গীতখিনিৰ উপৰি নাটৰ গীতসমূহত প্রয়োগ কৰা ৰাগখিনিলৈ লক্ষ্য কৰিলে চকুত পৰে যে শংকৰদেৱ-মাধৱদেৱ ধনশ্রী, গৌৰী, কৌ, কল্যাণ, সিন্ধুৰা, কামোদ, কেদাৰ, সুহাই, ভাটিয়ালী, আশোৱাৰী শ্যাম, ললিত, বৰাড়ী, শ্ৰী, মল্লাৰ, নাটমল্লাৰ, শ্রীগান্ধাৰ, গান্ধাৰ, বসন্ত, তুৰ বসন্ত, তুৰ-ভটিয়ালী, ভূপালী, পূৰ্বী, সাৰঙ্গ, নাট, কানাড়া, অহিৰ, বেলোৱাৰ ইত্যাদি ৰাগত গীতসমূহ ৰচনা কৰিছে।
(ঘ) চৌধ্য প্ৰসংগৰ পৰিক্ৰমাত বৰগীতৰ স্থান: বৰগীতৰ এক অন্য বৈশিষ্ট্য পৰিলজ্জি হয় প্রসঙ্গৰ অঙ্গৰূপে কৰা পৰিৱেশনত। সত্ৰসমূহত পুৱাৰ পৰা গধুলিলৈকে যি পাঠ-প্রসঙ্গ হয় সেই প্রসঙ্গৰ আৰম্ভণি বৰগীতৰেই কৰা হয়। নিদিষ্ট কোনো ধৰা বন্ধা সূচী নাই যদিও সাধাৰণতে পুৱাৰ প্ৰসঙ্গত পুৱাৰ ৰাগ বা বিয়লিৰ প্ৰসঙ্গত বিয়লিৰ ৰাগ গোৱা হয়। অসমৰ বিভিন্ন সত্ৰসমূহত বৰগীতৰ পিছত অন্যান্য ক্রমসমূহৰ তাৰতম্য দেখা যায় যদিও যিকোনো প্ৰসঙ্গৰ আৰম্ভণিতে বৰগীত গোৱা ৰীতি সর্বত্র বিদ্যমান।
(ঙ) বৰগীতৰ সীমাবদ্ধ পৰিত্ৰতা: বৰগীতসমূহত সীমাবদ্ধ পবিত্ৰতাও ইয়াৰ অন্য এক বৈশিষ্ট্য, চৰিতপুথিত ‘বাৰকুৰি’ গীতৰ কথা উল্লেখ থাকিলেও বর্তমান প্রাপ্ত শংকৰ-মাধৱৰ মুঠ ২১৬ টা গীতকহে অবিসম্বাদিতভাৱে বৰগীত বোলা হয়। শংকৰ-মাধৱৰ অনুগামী শিষ্য-প্রশিষ্যসকলে একে ভাষা আৰু ভাৱ, ৰাগ-তালযুক্ত আধ্যাত্মিক গীত ৰচনা কৰি থৈ গৈছে যদিও সেইসমূহক বৰগীত বুলি মানি লোৱা হোৱা নাই।
(চ) ভক্তিৰ গাঢ়তা: বৰগীতত পৰিলক্ষিত হোৱা অন্য এক বৈশিষ্ট্য হৈছে ভক্তি অনুভূতিৰ ব্যাপক ৰূপ। বৰগীতৰ সমসাময়িকভাৱে বহুতো গীত-পদৰ ৰচনা হৈছিল যদিও সেই গীতত ভক্তিৰ গাঢ়তা ব্যাপক ৰূপত দেখা নাযায়। ভক্তি অনুভূতিৰ আবেগময়তা আৰু তীব্রতাই বৰগীতসমূহক সেই সময়ত ৰচিত আন সকলো গীততকৈ পৃথক কৰিছে।