BA 1st Semester Assamese Chapter 3 Question Answer 2025 | গোট-৩ : শংকৰদেৱকালীন সাহিত্য | পাঠ : ৩ | ভীমচৰিত | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 3 Question Answer 2025 | ba 1st semester assamese question answer
গোট-৩ঃ শংকৰদেৱকালীন সাহিত্য
পাঠ : ৩
ভীমচৰিত
► অতি চমু প্রশ্নোত্তৰ :
১। ‘ভীমচৰিত’ৰ কৰি কোন?
উত্তৰ: ৰাম সৰস্বতী।
২। কবি ৰাম সৰস্বতী কোন যুগৰ কবি?
উত্তৰ: শংকৰী যুগৰ কবি।
৩। ‘ভীম চৰিত’ কোন শ্ৰেণীৰ কাব্য?
উত্তৰঃ বধকাব্য।
► চমু প্রশ্নোত্তৰ :
১। কবি ৰামসৰস্বতীৰ চমু পৰিচয় দিয়া।
উত্তৰঃ বৈষ্ণৱ যুগৰ আগশাৰীৰ কবিকেইগৰাকীৰ ভিতৰত ৰামসৰস্বতী অন্যতম। তেওঁৰ পিতৃদত্ত নাম অনিৰুদ্ধ আৰু ৰাজদত্ত নাম ৰামসৰস্বতী আৰু কবিচন্দ্ৰ। ৰামসৰস্বতীৰ পিতৃ কবি চূড়ামণি অগ্রণী পণ্ডিত, পৰম মহন্ত আৰু যশস্বী ব্যক্তি আছিল। তেওঁৰ দুজন পুত্ৰৰ ভিতৰত জ্যেষ্ঠ কবিচন্দ্ৰ আৰু কণিষ্ঠ ৰামসৰস্বতী। ৰামসৰস্বতীয়ে পাণ্ডিত্য গুণৰ বাবে পিছলৈ কবি সৰস্বতী, কবিচন্দ্ৰ, ভাৰতভূষণ, ভাৰতচন্দ্ৰ আদি বিবিধ কবি খ্যাতি সূচক নামেৰে প্রসিদ্ধি লাভকৰিছিল।
কবি ৰামসৰস্বতীয়ে তেওঁৰ ৰচনাৱলীৰ মাজত নিজৰ জন্মস্থান সম্পর্কত বিস্তৃতভাবে একো উল্লেখ কৰা নাই। হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত ভীষ্মপর্ব মতে তেওঁৰ জন্মস্থান চমৰিয়া আনহাতে বিৰাট পৰ্বৰ মতে পচৰিয়া। কবিগৰাকীৰ ৰচনাৱলীত উল্লিখিত ‘পচৰিয়া’ আৰু ‘চমৰিয়া’ পদ দুটিৰ ভিতৰত ‘পচৰিয়া’ পদটিৰ বাৰংবার্তা অনেক গুণে বেছি। আনকি ‘চমৰিয়া’ পদটিৰ প্রয়োগ কেৱল এঠাইতহে পোৱা যায়। এইফালৰপৰা ‘চমৰিয়া’ পদটি প্রক্ষিপ্ত হোৱাই স্বাভাৱিক। আকৌ ৰামসৰস্বতীৰ পুত্ৰ গোপীনাথ দ্বিজ পাঠকে তেওঁৰ পিতৃ ৰামসৰস্বতীৰ জন্ম ‘পাটচৌৰা’, ‘চিনাকোণ’বা ‘চিলাকোণত হোৱা বুলি কৈছে। এনে ধৰণৰ ভিন্ন মত চালি জাবি চাই বামসৰস্বতীৰ জন্মস্থান পচৰিয়া বুলিয়ে নবীন চন্দ্র শর্মাই সিদ্ধান্ত কৰিছে। অন্যান্য ঠাইবোৰত হয়তো সাহিত্য বা ধর্ম- চর্চা সম্পর্কত তেওঁ সাময়িকভাবে থিতাপি লৈছিল।
ৰামসৰস্বতী মূলত মহাভাৰতৰ অনুবাদক যদিও মহাভাৰতৰ বাহিৰে অন্যান্য কাব্যও তেওঁ অসমীয়ালৈ অনুবাদ কৰে।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। ৰামসৰস্বতীৰ ‘বধকাব্য’ সমূহৰ সাধাৰণ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰ: মহাভাৰতৰ বনপৰ্বৰ পটভূমিত ৰচিত ৰামসৰস্বতীৰ যিবোৰ কাব্যত ঘাইকৈ পাণ্ডৱসকলৰ দ্বাৰা বিভিন্ন অসুৰবধৰ কাহিনীয়ে প্রাধান্য লাভ কৰিছে। সেই বোৰকেই বধকাব্য আখ্যা দিয়া হৈছে। এই কাব্যসমূহ অসমীয়া জনসাধাৰণৰ মনত অতি জনপ্রিয় কাব্য বুলিব পাৰি। এই কাব্যবোৰৰ বৈশিষ্ট্যৰ আলোচনা প্রঙ্গত ডক্স বাণীকান্ত কাকতিয়ে এইবোৰক ৰূপক আৰু আখ্যান উভয়ত্রেক্ষত্রতেই স্বার্থবোধক বুলি উল্লেখ কৰিছে। বধকাব্য সম্পর্কে এই উক্তি যথার্থ বুলিয়েই ক’ব লাগিব। তেখেতৰ ভাষাও “নানা কষ্ট প্রপীড়িত দৈত্য-দানৱ আদিৰ সদায় আক্রান্ত বনচাৰী পাণ্ডৱসকলৰ দুখাবহ কাহিনীত ভক্ত কবিসকলে সংসাৰ তাপক্লিষ্ট ‘ভর গহন’ বিচাৰি ‘মোহপাশচ্ছন্ন’ মানৱ জীৱনৰ প্ৰতিবিম্বহে উপলব্ধিকৰিছিল। পুৰণি কাব্যত পাণ্ডৱৰ বনবাস আৰু প্ৰব্ৰজন মানৱ জীৱনৰ সংসাৰ যাত্ৰাৰ ৰূপক মাথোন। ৰূপকধৰ্ম্মী সাহিত্যৰ দিশেৰে বধকাব্যবোৰৰ মূল্যাংকন কৰাৰ উৰি ডক্স কাকতিয়ে আখ্যান কাব্য হিচাপেও এইবোৰক মনোৰম বুলি কৈছে আৰু ইউৰোপীয় সাহিত্যৰ মধ্যযুগৰ ৰোমাঞ্চৰ সৈতে এইবোৰৰ তুলনা কৰিছে।
ৰামসৰস্বতীয়ে সমগ্র বনপর্বকেই বৈষ্ণৱ পৰ্ব স্বৰূপেও অভিহিত কৰিছে। সেয়ে তেওঁৰ বনপৰ্বৰ অন্তৰ্গত বধকাব্যসমূহ বৈষ্ণৱ ধর্ম প্রকাশক কাব্য স্বৰূপেও বৈশিষ্ট্যপূর্ণ। বৈষ্ণবধৰ্ম্ম সম্পর্কীয় বিভিন্ন তথ্য যেনে কৃষ্ণমহিমা প্রকাশ, ভক্ত সকলৰ মহিমা বা গৌৰৱ ঘোষণা, ভক্তিৰ মহিমা বা গৌৱৰ ঘোষণা, ভক্তিৰ মহিমা প্রচাৰ আৰু ভগৱান কৃষ্ণক সহায় বা প্রভাৱত সম্ভবা ধৰ্ম্মৰ জয় আৰু দুষ্ট বা অধৰ্ম্মৰ পৰাজয় আদিৰ প্রকাশেই এই কাব্যসমূহৰ মূল সুৰ বুলিব পাৰি আৰু কাব্যসমূহৰ জৰিয়তে এইবোৰ সুন্দৰভানের প্রকাশিত হৈছে। কবিয়ে নর-বৈষ্ণৱ ধৰ্ম্মৰ কৃতি আৰু মুকুতিৰ কথাও বধকাব্যসমূহৰ জৰিয়তে প্ৰকাশ কৰি সেইবোৰৰ প্ৰতিও জনসাধাৰণৰ চিত্ত আকৰ্ষণ কৰিবলৈ সুবিধা লৈছিল বুলি কব পাৰি। বৈষ্ণৱ ধৰ্মৰ বিভিন্ন তথ্য এইদৰে কাব্যসমূহৰ জৰিয়তে উত্থাপিত হ’লেও মূলতঃ ভক্তৰ উদ্ধাৰ আৰু ৰক্ষা আৰু তাৰ বিপৰীতে ভক্ত দ্রোহীৰ বিনাশ সাধন দেখুৱাকেই এইকাব্য সমূহৰ মূল লক্ষ্যবস্তু বা উদ্দেশ্য বুলি কব পাৰি। কিয়নো ‘কুলাচল বধ’ত ভগৱান শ্রীকৃষ্ণই নিজেই এইদৰে ক’ব গৈছে-
“মোৰ ভকতক কোনে মাৰিবক পাৰে।
ভকত দ্রোহীক আমি মাৰো সাৰে সাৰে।।”
শ্রীকৃষ্ণৰ বাহিৰেও এই কাব্যত শিৱ দেৱতায়ো কোনো কোনো ক্ষেত্রত ভক্ত পাণ্ডৱসকলক কল্যাণকৰ পথৰ সন্ধান দিয়া দেখা যায়।
“দুষ্ট, অমিত্র সকলোকে সংহাৰ কবি পৃথিৱীত একভার, একমত প্রচলন কৰি সকলোৰে মাজত সমভাব এটি বিস্তাৰ কৰিবৰ কল্পনা আদর্শ সাহিত্যত আজন্ম কালৰ পৰাই চলি আহিছে বুলিকৈ ড্যু কাকতিয়ে তেনে দৃষ্টিৰেও বধকাব্যবোৰৰ প্ৰতি আলোকপাত কৰিছে। দৰাচলতে ইয়াকো বধকাব্যৰ এটা সাধাৰণ বৈশিষ্ট্য স্বৰূপে নির্ণয় কৰিব পাৰি।
হিন্দুধৰ্মৰ পৰিসৰে সামৰিলোৱা সাধাৰণ ভাৰতীয় ভাগ্যবাদী মানুহৰ প্ৰাণৰ বাতৰিৰেও এই কাব্যসমূহ বৈশিষ্ট্যপূৰ্ণ বুলি ক’ব পাৰি। সাধাৰণ ভাৰতীয় মানুহে ভবামতে জন্ম আৰু কৰ্ম সকলোবোৰ বিষয়কে যে দৈৱই নিয়ন্ত্ৰণ কৰে এই কথাকো কবিয়ে কাব্যসমূহৰ জৰিয়তে দেখুৱাইছে। প্রায় প্রতিখন কাব্যৰে পৰা এনেধৰণৰ উক্তি বিবৃতিৰ উদ্ধৃতি দিব পাৰি। কবিয়ে দেখুৱাইছে পাণ্ডৱসকলৰ দুঃখদুর্গতি যিদৰে দৈৱ বা ভাগ্যৰে ফল। একেদৰে দৈত্য বা অসুৰবোৰৰ পৰাভৰো ভাগ্যৰে ফল। কবি কিন্তু তাতেই সীমিত হৈ ৰোৱা নাই। ভাগ্যৰ লগতে জীৱনৰ দুঃখকষ্টৰ বাবে কৰ্ম্মফলকো কবিয়ে সামৰি লৈছে আৰু এইদৰে বধকাব্যৰ পাঠকসকলক সৎ আৰু মহান কৰ্ম্ম কৃষ্ণভক্তিৰ প্ৰতি আসক্ত হৈ সৎ জীৱন যাপন কৰাৰ বাবে প্ৰেৰণা যোগাইছে। সম্পূর্ণ ভাগ্যবাদী মানুহক জীৱনত লাভ কৰা দুঃখকষ্টৰ বাবে বিমনহৈ বহি নাথাকি বৰ বাবে কবিয়ে যিদৰে সান্ত্বনা দিছে, সেইদৰে সৎ কৰ্ম্ম কৰি উন্নততৰ কৃষ্ণভক্তিস্নাত জীৱনৰ উদ্দেশ্য আগুৱাই যাবৰ বাবে যেন প্ৰেৰণাও যোগাইছে। এইদৰে ভাগ্য আৰু কৰ্ম্মৰ মিলন দেখুৱাকেও বধকাব্যৰ এক অত্যুজ্জল বৈশিষ্ট্য বুলি ক’ব পাৰি।
ধৰ্ম্মীয় বা তাত্ত্বিক দিশেৰে বধকাব্যসমূহৰ এনেবোৰ কথা উল্লেখ কৰিব পাৰি যদিও, কাব্য-কলা বা ঘটনাৰ পৰিস্ফুৰণ আদিৰ দিশেৰেও এই কাব্যবোৰৰ আৰু কিছুমান বৈশিষ্ট্যৰ কথা ক’ব পৰা যায়। ডগ্ন সত্যেন্দ্ৰ নাথ শৰ্ম্মাদেৱৰ অভিমত অনুসৰি ষোড়শ শতিকাৰ পৰা অষ্টাদশ শতিকালৈ অসমীয়া লোকসকল যুদ্ধ বিগ্রহত লিপ্ত হ’বলগীয়া হোৱা অৱস্থাৰ পৰিপ্ৰেক্ষিতত যুগ পৰিৱেশৰ ফল হিচাপে উদ্ভৱ হোৱা বুলি ভাবিবৰ থল থকা এই কাব্যবোৰত যুদ্ধ বিগ্ৰহৰ পুংঙ্খানুপুংখ বিৱৰণ এটা উল্লেখযোগ্য বৈশিষ্ট্যৰূপে দেখুৱাব পাৰি। এই কাব্য সমুহত বৈষ্ণবপক্ষ আৰু বৈষ্ণৱ বিৰোধীপক্ষ উভয়কে অপৰিমিতি শক্তিশালীরূপে দেখুওৱা হৈছে। উভয়েই যুদ্ধক্ষেত্রত নিজ নিজ যুদ্ধকৌশলেৰে প্রতিপক্ষক পৰাভূত কৰিবলৈ ওলাই আহিছে। বাকযুদ্ধ, গদাযুদ্ধ, মল্লযুদ্ধ আৰু ধনুযুদ্ধ আদি আটাইবোৰৰে বহল বিস্তৃত বিৱৰণ বধকাব্যবোৰত সন্নিবিষ্ট হৈছে।
বধকাব্যসমূহ সাধাৰণ লোক জীৱনৰ উদ্দেশ্যে ৰচিত হৈছিল বুলি ড০ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে কোৱা কথাৰ ওপৰত ভিত্তিকৰিও এই কাব্যসমূহৰ কেইটামান বৈশিষ্ট নির্ণয় কৰিব পাৰি। সেইবোৰ হৈছে- এইবোৰৰ বৰ্ণনাৰ সৰলতা, এইবোৰত অতিলৌকিক বা অতিপ্রাকৃত ঘটনাৰ সমাবেশ আৰু কাব্য অন্তর্ভুক্ত চৰিত্ৰসমূহক সাধাৰণ মানুহ হিচাপে অংকন। বধকাব্যৰ বিষয়বস্তুৰ বৰ্ণনাত ক’তো কোনো ধৰণৰ জটিলতা নাই বুলিয়েই ক’ব পাৰি। সাধাৰণ মানুহৰ বাবেই ইয়াৰ বিষয়বস্তু গঢ় দিয়া হৈছিল বাবে সৰল সহজভারেই কবিয়ে বিষয়বস্তু বর্ণনা কৰিছিল। ড০ বৰুৱাদেৱে কোৱা মতে শিশুৰদৰে সৰল আৰু সহজবিশ্বাসী লোকচিত্ত আকৰ্ষণ কৰিবৰ বাবে কবিয়ে বৰ্ণনাৰ মাজত অতিলৌকিক উপাদানৰো সংযোগ কৰিছিল। ইয়াৰ উপৰি সেই এক কাৰণেতেই ইয়াৰ চৰিত্ৰসমূহৰ ভাৱ আচৰণ আৰু কাৰ্য্যকলাপ অতি সাধাৰণ মানুহৰ শাৰীতেই গঢ় দি লোৱা হৈছিল।
সাধাৰণ মানুহৰ বাবে ৰচিত এই বধকাব্য সমূহত বৈষ্ণৱ কাব্য হিচাপে কৃষ্ণভক্তিৰসৰ ফল্গু প্ৰৱাহ আছে। যদিও বীৰ কাব্য হিচাপে এইবোৰত বীৰবসেও প্রাধান্য লাভ কৰিছে। স্বাভাৱিকৰূপেত এই বীৰৰসেই আকৌ গৈ বহুক্ষেত্রত অদ্ভুতবস হিচাপেও পৰিণতি লাভ কৰিছে। ড০ মহেশ্বৰ নেওগদেৱে সেয়ে ‘ভাগৱত পুৰাণৰ ভক্তিৰ আদৰ্শ আৰু জনচিত্ত বিনোদক আখ্যান প্রীতি বিশেষকৈ অদ্ভুতৰসৰ মিশ্রণেৰে বীৰে বীৰে সংঘাটৰ বৰ্ণনাৰ মিলনতে এই বধ কাব্য চক্র ঘূৰিব লাগিছে” বুলি সঠিক মন্তব্যকেই আগবঢ়াইছে। কাব্যবোৰৰ কিছুমানত কৰুণ আৰু আদি বা শৃঙ্গাৰ ৰসৰ ছিটিকণি আছে যদিও সেই ৰস সৃষ্টি কৰা যে কবিৰ মূল উদ্দেশ্য নাছিল, সেয়া সহজে অনুমেয়।
ৰামসৰস্বতীয়ে এইকাব্যসমূহ ৰচনা কৰাৰ ক্ষেত্ৰত সংহতিপূর্ণ কাব্যাদর্শলৈ বিশেষ মনোযোগ দিয়া নাছিল বুলি ধৰিব পাৰি আৰু সেয়ে প্রকৃতাৰ্থত বধকাব্যসমূহৰ কোনোখনকেই সংহতিপূর্ণ কাব্যকল্প আখ্যা দিব নোৱাৰি। সংহতিপূৰ্ণ কাব্য-কল্প বুলি কলে তাত মাত্র এটাহে ঘটনাই মুখ্য স্থান পাব লাগে। ইয়াৰ মাজতেই অৱশ্যে অন্য কিছুমান সৰু ঘটনা সন্নিবিষ্ট কৰিব পৰা যায় যদিও মূল কাহিনীৰ সৈতে তাৰ সম্পৰ্ক ৰক্ষা কৰিব লাগে। সেই কাহিনী কেতিয়াও স্বয়ং সম্পূৰ্ণ হ’ব নালাগে। ৰামসৰস্বতীয়ে কিন্তু এনে ধৰণৰ কাব্যাদৰ্শ লোৱা নাছিল। বহুক্ষেত্রত এইবোৰত মূল কাহিনীক ছেৰপেলাই গৈ অতিৰিক্ত বিভিন্ন কাহিনীৰ সংযোগ দেখা যায়। এনে লাগে যেন এইবোৰৰ বহুক্ষেত্ৰত কবিয়ে কাহিনীৰ মাজত কাহিনী সুমুৱাই যোৱা পদ্ধতিহে অৱলম্বন কৰিছে। এনেধৰণৰ কাহিনী কিছুমানৰ কেতিয়াবা কেতিয়াবা মূল কাহিনীৰ সৈতে আঙ্গিক সম্পর্কও বিচাৰি পাব পৰা নাযায়। সেয়ে বধকাব্যবোৰৰ এখনৰ মাজতেই কেতিয়াবা কেতিয়াবা দুখন বা তাতোধিক ক্ষুদ্ৰ পৰিসৰৰ কাব্যও বিচাৰি পাব পাৰি।
এইবোৰৰ উপৰি ড০ সত্যেন্দ্ৰনাথ শৰ্মাদেরে দেখুৱা অনুসৰি বধকাব্যৰ কাহিনীৰ ঠায়ে ঠায়ে নাৰীৰ ৰূপ চৰাই ফলমূল আদিৰ নাম, মঙ্গলা মঙ্গল আদি দৰ্শন আৰু সর্বোপৰি যুদ্ধ আদিৰ বিৱৰণৰ ক্ষেত্ৰত পুনৰুক্তি। কাব্যৰ প্রধান বৈষ্ণৱ বিৰোধী চৰিত্ৰ যেনে বঘাসুৰ, কুলাচল আদিক বর্ণ শঙ্কৰৰূপে উপস্থাপন আধ্যাত্মিক বলত হীন বৈষ্ণৱ বিৰোধী এই চৰিত্ৰসমূহক দেৱতাৰ দ্ব্যর্থক বা ছিদ্রযুক্ত চৰ্তসাপেক্ষে বৰ প্ৰদানৰ দ্বাৰা অপৰিমিত শক্তিশালী কৰি তুলি অৱশেষত সেই ছিদ্রৰ আলমতে সিহঁতৰ নিধন আদিবোৰকো বধকাব্যৰ অন্যান্য সাধাৰণ বৈশিষ্ট্য বুলি ক’ব লাগিব।
বধকাব্য সমূহৰ কাহিনী গঠনলৈ মন কৰিলে এইবোৰৰ আৰু এটা সাধাৰণ বৈশিষ্ট্য নির্ণয় কৰিব পাৰি। সাধাৰণতে এই কাব্যবোৰ ৰসগ্ৰাহী কৰি তুলিবলৈ বিভিন্ন অসুৰৰ সৈতে হোৱা যুদ্ধৰ প্ৰথম পৰ্য্যায়ত বৈষ্ণৱপন্থী পাণ্ডৱ সকলৰ পৰাজয় আৰু নিৰ্য্যাতন দেখুৱাই পিছতহে তেওঁলোকৰ জয় দেখুৱা হৈছে। কবিয়ে একে কোবেই পাণ্ডৱসকলক ওপৰলৈ তুলি নি তেওঁলোকৰ ডিঙিত বিজয়মালা পিন্ধাই দিয়া নাই। জুয়েপোৰাৰ পিছতহে সোণৰ চিকমিকণি অধিক হোৱাৰ দৰে প্রথম-পৰ্য্যায়ত পাণ্ডৱসকলৰ পৰাজয়ক পৰৱৰ্তী সময়ত তেওঁলোকৰ বিজয়ৰ ইঙ্গিত হিচাপেই কাব্যবোৰত স্থান দিয়া হৈছে আৰু এইদৰেও বধ কাব্যৰ কাহিনী গঢ়ি তোলা হৈছে।