BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ১ | অর্জুনৰ বিষাদ যোগ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer

BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ১ | অর্জুনৰ বিষাদ যোগ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer

গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য
পাঠ : ১
অর্জুনৰ বিষাদ যোগ

► অতি চমু প্রশ্নোত্তৰ :

১। অসমীয়া গদ্য সাহিত্যৰ ইতিহাস কাৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয়?

উত্তৰ: অসমীয়া গদ্য সাহিত্যৰ ইতিহাস ভট্টদেৱৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয়।

২। কাৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে?

উত্তৰ : ভট্টদেৱৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে।

৩। অসমীয়া গদ্য সাহিত্যৰ পথ প্রদর্শক কাক কোৱা হয়?

উত্তৰঃ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য বা ভট্টদেৱক।

৪। ভট্টদেবৰ গ্ৰন্থ তিনিখনৰ নাম লিখা।

উত্তৰঃ কথা ভাগবত, কথা গীতা আৰু কথা ৰত্নাবলী।

৫। ভট্টদেৱে কাৰ আদেশত কথা-ভাগবত, কথা-গীতা আৰু কথা-ৰত্নাবলী গ্রন্থ ৰচনা কৰিছিল?

উত্তৰঃ কথা-ভাগৱত, কথা-গীতা আৰু কথা-ৰত্নাৱলী- এই তিনিওখন গ্রন্থ ভট্টদেরে গুৰু দামোদৰদেৱৰ আজ্ঞাত ৰচনা কৰিছিল।

৬। যোগ কি?

উত্তৰঃ যাৰ দ্বাৰা চিত্ত ঈশ্বৰত একনিষ্ঠ হয়, তাক যোগ বোলে।

৭। প্রকৃত অসমীয়া গদ্যৰ সৃষ্টিকর্তা কোন?

উত্তৰ: ভট্টদেৱ।

৮। কথাগীতাৰ প্ৰথম অধ্যায়ত কি বর্ণিত হৈছে?

উত্তৰ: অর্জুন বিষাদ যোগ।

৯। ভট্টদেবে কথাগীতা ৰচনা কৰোঁতে কোনটো টীকাৰ ওপৰত বেছি গুৰুত্ব প্রদান কৰিছিল?

উত্তৰ: শ্রীধৰী টীকা।

১০। ভট্টদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হয়?

উত্তৰ: ১৫৮৮ খ্ৰীঃত জন্ম আৰু ১৬৩৮ খ্রীঃত মৃত্যু হয়।

১১। কুলক্ষয় দোষ কি?

উত্তৰঃ নিজৰ বংশ পৰিয়াল, আত্মীয়-কুটুমক হত্যা কৰি বংশৰ মৰ্য্যদাক কলংকিত কৰাকেই কুলক্ষয় দোষ বোলা হয়।

► চমু প্রশ্নোত্তৰ :

১। শংকৰোত্তৰ যুগ বুলিলে কি বুজা?

উত্তৰঃ ভট্টদেৱ, গোপালচৰণ আদিৰ পিছৰে পৰা ঊনবিংশ শতিকাৰ প্ৰথম চতুর্থাংশলৈ উত্তৰ শংকৰ বা শংকৰোত্তৰ যুগ। নৱবৈষ্ণৱ সমাজৰ ধৰ্মৰ অনুপ্ৰেৰণাৰ উপৰি আহোম, কোচ, কছাৰী আদি ৰজাসকলৰ পৃষ্ঠপোষকতা আৰু উদ্‌দ্গনি এই কালছোৱাৰে এক প্রধান অৱলম্বন হৈ পৰে। সাহিত্য সৃষ্টিৰ ফালৰ পৰা সত্ৰীয়া সমাজৰে গুৰু চৰিত্ৰত আৰু আহোম ৰাজধানীৰ অনুপ্ৰেৰণাৰ পৰা উদ্ভুত বুৰঞ্জীত কথাৰ নিকটৱৰ্তী গদ্যৰ প্ৰৱৰ্তন অভিনৱ। এই কালছোৱাৰ শেষৰ ফালেই প্রথম অসমীয়া খ্রীষ্টিয়ান লেখা বাইবেলৰ ভাঙনি অসমৰ বাহিৰত প্ৰকাশিত হয়। সত্ৰীয়া সাহিত্য, ৰাজধানীৰ সাহিত্য আৰু অনিশ্চিত স্থানৰ লেখকৰ সাহিত্য শংকৰোত্তৰ সাহিত্যৰ তিনিটা বেলেগ বিভাগ।

গোট বিষয়বস্তু
গোট: 1অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত); ভাষিক আৰু সাহিত্যিক পটভূমি, সাহিত্যিক আৰু সাহিত্য-কর্ম
গোট: 2
প্রত্ন অসমীয়া আৰু প্ৰাক্-শংকৰী যুগৰ সাহিত্যঃ

পাঠ-১: লোকগীত: একবাৰ হৰি বোল মন ৰচনা

পাঠ-২: লোকগীত: কানাই পাৰ কৰা হে

পাঠ-৩ঃ চর্যাগীত: উঞ্চা উঞ্চা পৰৱত তই সবৰী বালী

পাঠ-৪: বড়ু চণ্ডী দাস: বিজয় নাম বেলাতে
(‘জন্মখণ্ড’ শ্রীকৃষ্ণ কীর্তন)


পাঠ-৫: হেম সৰস্বতী: প্ৰহ্লাদ চৰিত (সম্পূর্ণ)

পাঠ-৬: মাধৱ কন্দলিঃ লংকাৰ বিৱৰণ
(‘সুন্দৰাকাণ্ড’ ৰামায়ণ)
গোট: 3শংকৰদেৱকালীন সাহিত্য:

পাঠ-১: শংকৰদেৱ নাৰায়ণ কাহে ভকতি কৰো তেৰা (বৰগীত)

পাঠ-২: মাধৱদেৱঃ চোৰধৰা (ঝুমুৰা)

পাঠ-৩ঃ ৰাম সৰস্বতী: ভীমচৰিত (বধকাব্য)

পাঠ-৪: সুকবি নাৰায়ণ দেবঃ বেউলাৰ নৃত্য (পদ্মা পুৰাণ)
গোট: 4শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্যঃ

পাঠ-১: ভট্টদেব: অর্জুনৰ বিষাদ যোগ (কথাগীতা)

পাঠ-২: মহেশ্বৰ নেওগ (সম্পা.): গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ (গুৰু চৰিত কথা)

পাঠ-৩: সূর্যকুমাৰ ভূঞা (সম্পা.): অসমৰ ৰণোদ্যম (সাতসৰী অসম বুৰঞ্জী)

পাঠ-৪: সুকুমাৰ বৰকাথ: হাতীৰ লক্ষণ (হস্তীবিদ্যার্ণৱ)

২। “যুদ্ধত স্বজন বধে কিচো ফলক নেদেখু, বিজয়কো আকাঙ্খা নকক, ৰাজ্যক ইছা নাই, সুখক নবাঞ্ছো”।

এই কথাষাৰ কোনে কাৰ আগত কেতিয়া ব্যক্ত কৰিছে?

উত্তৰঃ “যুদ্ধত স্বজন….. সুখক নাবাঞ্ছো” উক্ত কথাষাৰ অর্জুনে শ্রীকৃষ্ণৰ আগত ব্যক্ত কৰিছে।

কুৰুক্ষেত্ৰ ৰণ আৰম্ভ হোৱাৰ আগে আগে অর্জুনে তেওঁৰ সাৰথি কৃষ্ণক দুয়োপক্ষৰ সোঁমাজত ৰথখন ৰাখিবলৈ কৈছিল। তেওঁৰ উদ্দেশ্য আছিল বিপক্ষৰ যোদ্ধাসকলৰ মাজত কোন আছে তাক প্রত্যক্ষ কৰা। কিন্তু যেতিয়া সেইসকলৰ মাজত তেওঁ পিতামহ, গুৰু, বন্ধু, ভাতৃ, মাতুল আদিসকলক দেখিলে তেতিয়াই তেওঁ হতাশ হ’ল। যুদ্ধ নকৰোঁ বুলি আবেগত ভাগি পৰিল। আত্মীয়ৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব বুলি জানি শোকত মর্মাহত হৈ উক্ত কথাখিনি অর্জুনে কৃষ্ণৰ আগত কৈছে।

৩। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে?

উত্তৰ: কুলক্ষয় দোষত কুলধর্ম নষ্ট হয়। ধর্ম নষ্ট হ’লে অবশিষ্ট কুলত অধর্মে বিস্তাৰ কৰিব। তাৰ ফলত কুল বা বংশৰ স্ত্রী-কন্যা সকলো দুষ্ট চৰিত্ৰৰ হ’ব। স্ত্রী দুষ্ট হ’লে ভিন ভিন জাতিৰ যুৱকৰ সৈতে প্রণয় হৈ জাৰজ সন্তানৰ জন্ম হ’ব বা জাতিৰ অস্তিত্ব বিপন্ন হ’ব। এনেদৰে কুলক্ষয় দোষত পৰি জাতিধর্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মনুষ্যসৱে নৰক যন্ত্রণা ভোগ কৰিব। সেয়েহে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে।

2 thoughts on “BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : ১ | অর্জুনৰ বিষাদ যোগ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer”

Leave a comment