BA 1st Semester Assamese Chapter 4 Question Answer 2025 | গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য | পাঠ : 8 | হাতীৰ লক্ষণ | অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস (১৮২৬ চন পর্যন্ত) | BA 1st Semester Assamese Unit 4 Question Answer 2025 | ba 1st semester assamese question answer
গোট-৪ : শংকৰদেৱৰ পৰৱৰ্তীকালৰ সাহিত্য
পাঠ : 8
হাতীৰ লক্ষণ
► অতি চমু প্রশ্নোত্তৰ :
১। অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি?
উত্তৰ: অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ ‘হস্তি-বিদ্যাৰ্ণব-সাৰ-সংগ্ৰহ ‘ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথি।
২। ‘হস্তিবিদ্যাৰ্ণৰ পুথি’ শীর্ষক প্রবন্ধটি প্রথমতে ক’ত প্রকাশ পাইছিল?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘হস্তিবিদ্যার্ণর পুথি’ শীর্ষক প্রবন্ধটো প্রথমতে প্রকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত ১৯৫৩ চনত।
৩। কোনটো যুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল হৈছিল?
উত্তৰ: মধ্যযুগত।
► চমু প্রশ্নোত্তৰ :
১। সুকুমাৰ বৰকাথৰ ‘হস্তি-বিদ্যাৰ্ণৰ-সাৰ-সংগ্রহ’ পুথিখনক ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথি বুলি কিয় কোৱা হয়?
উত্তৰ: সকলো অসমীয়া হাতেলিখা সচিত্ৰ পুথিৰ ভিতৰত সুকুমাৰ বৰকাথৰ ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ’ পুথিখনিয়েই শ্রেষ্ঠ। ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্ৰহ’ পুথিখনি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাঃ ৰাজেন্দ্ৰ প্ৰসাদ, এই সকলকে আদি কৰি অনেক খ্যাতনামা পুৰুষে এই পুথিখনি আদ্যোপান্ত চাই তাৰ বিচিত্র চিত্রকলাৰ বিষয়ে প্রশংসা কৰি গৈছে।
২। হস্তিগ্রন্থ বুলিলে কি বুজা?
উত্তৰ: যি গ্ৰন্থত বিবিধ হাতীৰ লক্ষণ, হাতীশাল নিৰ্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিৰ্বন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা-কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য বজাৰ লগত অপ্রীতিবন্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিৰ্বন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্ৰ আদি লিপিবদ্ধ থাকে সেইখনেই হস্তিগ্রন্থ।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। হস্তিবিদ্যাৰ্ণৰ পুথিৰ গদ্যশৈলী সম্পর্কে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ মধ্যযুগীয় অসমীয়া সাহিত্য অধ্যয়ন কৰিলে বহুতো ব্যবহাৰিক জ্ঞানৰ পুথি পোৱা যায়। সেই পুথিসমূহক এক প্ৰকাৰ বিজ্ঞান বিষয়ক সাহিত্যৰ শাৰীতো ধৰিব পাৰি। সংস্কৃত সাহিত্যৰ দৰে সেই সময়ত ৰচনা হোৱা আনসমূহ গ্ৰন্থৰ ভিতৰত উল্লেখযোগ্য হ’ল- জ্যোতিষ, গণিত, নীতিশাস্ত্র, নৃত্যবিদ্যা আদি বিষয়ক অনেক পুথি। ব্যৱহাৰিক গ্ৰন্থসমূহৰ সৰহভাগেই সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থ। মন কৰিবলগীয়া যে অনুবাদ কৰা গদ্যকাৰসকলে গ্রন্থ অনুবাদ কৰোঁতে যিমান পাৰি সিমানে অসমৰ পৰিৱেশৰ লগত খাপখোৱাকৈ নিজা ৰচনাৰীতিৰে গদ্য ৰূপ দিয়া বুলি ক’ব পাৰি।
অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তিস্বৰূপ হস্তিবিদ্যাৰ্ণৱ পুথিখনি গদ্যত ৰচিত। পুথিখনিৰ ৰচনাশৈলী ওজঃ গুণ যুক্ত। প্রাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰ স্বৰূপ এই পুথি চাই মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, ড° ৰাজেন্দ্ৰ প্ৰসাদ আদি অনেক খ্যাতনামা ব্যক্তিয়ে প্রশংসা কৰিছিল। প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। পুথিখনৰ বাক্যত সৰল অসমীয়া ভাষাৰ চানেকি পোৱা যায়, ‘পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানীপৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপকৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তেবে মূৰ দাঙ্গি যাব।”
সংস্কৃত শ্লোকৰ প্রয়োগ কেতিয়াবা কেতিয়াবা কৰা দেখা যায়। ব্যাকৰণৰ আদর্শত সংস্কৃত ভাষাকে আদর্শরূপে লোৱা হৈছে। কিন্তু তথাপিও সংস্কৃতৰ প্রভাৱ পৰিদৃষ্ট হ’লেও এইবিধ সাহিত্যৰ ভাষা জটিলতা বা দুর্বোধ্যৰূপৰ পৰা মুক্ত। দেশী আৰু তদ্ভব শব্দৰ সুনির্দিষ্ট প্রয়োগ সেইসময়ত নির্ণিত হোৱা নাই বুলিবই পাৰি। পোনপটীয়া আৰু স্পষ্ট বাক্যৰীতি ব্যৱহাৰিক সাহিত্যৰ ভাষাৰীতিৰ বিশেষ বৈশিষ্ট্য। ভাব প্রকাশ কৰোঁতে কেতিয়াবা কেতিয়াবা আকৌ সংক্ষিপ্তরূপো গ্রহণ কৰা পৰিলক্ষিত হয়।
ব্যৱহাৰিক জ্ঞান চর্চাৰ বাবে লিখাৰ বাবেই এই গ্রন্থসমূহত ব্যৱহাৰিক ভাষাৰ প্রয়োগ হোৱাটো এক উল্লেখযোগ্য দিশ। হস্তিবিদ্যাৰ্ণৰ পুথিখনতো হাতীৰ শ্ৰেণী প্রকৃতি, বেমাৰ, ঔষধ আদিৰ বিৱৰণ দিওঁতে সৰল কথিত ভাষাৰ প্ৰয়োগ মনকৰিবলগীয়া। এইক্ষেত্রত সত্যেন্দ্রনাথ শর্মাই লিখিছে- “এইবোৰ গ্ৰন্থ ৰজাঘৰীয়া অনুপ্ৰেৰণাত ৰচিত হৈছিল আৰু ব্যৱহাৰিক বিষয়ৰ পৃথি কাৰণেই ব্যৱহাৰিক ভাষাৰ প্ৰয়োগ এইবোৰত লক্ষ্য কৰা যায়। মূল সংস্কৃত গ্ৰন্থৰ পৰা অনুবাদ কৰাৰ বাবে সংস্কৃতৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব পৰা নাই যদিও সংস্কৃত শব্দৰ প্রয়োগে ইয়াৰ বাক্যৰীতিত ব্যাঘাত জন্মোৱাও নাই। পৃথিখনৰ প্রশক্তি অংশৰ ভাষাটো সংস্কৃতগন্ধী, “যথা – ইন্দ্ৰ বংশসৰোবৰৰ পদ্মপুষ্পৰ তুল্য হৈছে যি মহাৰাজা আৰু নীতিবিদ্যাৰো আনন্দিত হুই বৃহস্পতিক উপালম্ভ কৰিছে যি মহাৰাজা, আৰু গম্ভীৰ ধীৰ ধাৰ্মিকসকলৰ মধ্যত শ্ৰেষ্ঠতৰ সৌমাৰ পীঠৰ ঈশ্বৰ শ্ৰীযুক্ত শ্রীমন্ত শিবসিংহ যি মহাৰাজা, আপোনাৰ স্বন্দৰ বিলাস বিদগ্ধতা ভাৱেৰে পৃথিৱীত সকলো সুন্দৰীগণৰ গৰ্ব্বক চুৰ কৰিছে, যি মহাদেৱীয়ে, সেইকাৰণে অতিশয় বিৰাজমান হৈছে যি শ্রীশ্রী অম্বিকানাম মহাদেবী, সেই দুজনাৰ আজ্ঞাৰত্ন মালাক শিৰত ধৰি সুকুমাৰ বৰকাথে এই হস্তিবিদ্যাৰ্ণৱ সাৰ সংগ্ৰহ কৰি ৰচিল।